




A proud moment for the Assamese language! অসমীয়া ভাষাৰ বাবে এক গৌৰৱময় মুহূৰ্ত!
The establishment of a Centre of Excellence for Classical Assamese at Tezpur University is a welcome step towards preserving and understanding the rich linguistic and literary heritage of Assam.
A language carries more than words. It carries the memories of generations, the stories of our ancestors, the wisdom of our writers and the experiences of a people.
Preserving Assamese means ensuring that future generations can continue to discover the works, ideas and history that have shaped our language over centuries.
With this Centre, there is hope for more research into old Assamese texts, the preservation and digitisation of manuscripts, and a deeper understanding of how our language has evolved.
It can also create new opportunities for students and researchers who wish to contribute to Assamese language studies.
Recognising Assamese as a Classical Language was a significant achievement. Now, the real work lies in documenting, studying and making this heritage accessible to everyone, not just scholars.
May this initiative help our language receive the research, care and attention it deserves, while keeping it alive and meaningful for generations to come.
Our heritage is not merely something to look back upon. It is something we must understand, preserve and carry forward.
তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰাটো অসমৰ চহকী ভাষিক আৰু সাহিত্যিক ঐতিহ্য সংৰক্ষণ আৰু অধ্যয়নৰ দিশত এক আদৰণীয় পদক্ষেপ।
এটা ভাষাই কেৱল শব্দকে সামৰি নলয়। ইয়াৰ বুকুত সঞ্চিত হৈ থাকে কেইবাটাও প্ৰজন্মৰ স্মৃতি, আমাৰ পূৰ্বপুৰুষৰ কাহিনী, সাহিত্যিকসকলৰ চিন্তা-চৰ্চা আৰু এটা জাতিৰ জীৱন-অভিজ্ঞতা।
অসমীয়া ভাষাৰ সংৰক্ষণৰ অৰ্থ হ’ল, ভৱিষ্যৎ প্ৰজন্মই যাতে আমাৰ ভাষাটোক যুগ যুগ ধৰি সমৃদ্ধ কৰি অহা সাহিত্য, চিন্তা-চৰ্চা আৰু ইতিহাসৰ সৈতে পৰিচিত হ’ব পাৰে, তাৰ ব্যৱস্থা কৰা।
এই কেন্দ্ৰৰ জৰিয়তে পুৰণি অসমীয়া সাহিত্যৰাজিৰ ওপৰত অধিক গৱেষণা, পুৰণি পুথি-পাঁজি আৰু পাণ্ডুলিপিৰ সংৰক্ষণ তথা ডিজিটেল ৰূপত সংৰক্ষণ, আৰু আমাৰ ভাষাটোৱে সময়ৰ সোঁতত কেনেদৰে ৰূপ সলনি কৰি আহিছে, সেই বিষয়ে গভীৰ অধ্যয়নৰ বাট মুকলি হ’ব বুলি আশা কৰিব পাৰি।
লগতে, অসমীয়া ভাষা-সাহিত্যৰ অধ্যয়ন আৰু গৱেষণাত আগ্ৰহী ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ বাবেও ই নতুন সুযোগ সৃষ্টি কৰিব পাৰে।
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাটো আছিল এক উল্লেখযোগ্য সাফল্য। এতিয়া প্ৰয়োজন হৈছে আমাৰ এই ঐতিহ্যৰ নথিভুক্তকৰণ, অধ্যয়ন আৰু সংৰক্ষণৰ লগতে ইয়াক সকলোৰে বাবে সহজলভ্য কৰি তোলা, যাতে এই সম্পদ কেৱল গৱেষকসকলৰ মাজতে সীমাবদ্ধ হৈ নাথাকে।
এই পদক্ষেপে আমাৰ ভাষাটোৱে প্ৰাপ্য গৱেষণা, যত্ন আৰু গুৰুত্ব লাভ কৰাত সহায় কৰক। আমাৰ ভাষা আৰু সাহিত্যৰ ঐতিহ্য যাতে আগন্তুক প্ৰজন্মৰ বাবেও জীৱন্ত আৰু অৰ্থপূৰ্ণ হৈ থাকে, সেয়াই কামনা।
আমাৰ ঐতিহ্য কেৱল অতীতলৈ উভতি চাবলৈ থকা কোনো সম্পদ নহয়। ইয়াক বুজি পোৱা, সংৰক্ষণ কৰা আৰু ভৱিষ্যৎ প্ৰজন্মলৈ আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব।
চিৰ চেনেহী মোৰ ভাষা জননী!
(Forever beloved is my mother tongue)
জয় আই অসম!